May 16, 2025 8:01 PM
13
ছিকিমৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমতী মুর্মুৱে প্রাকৃতিক প্রাচুর্য, ঐশ্বর্যশালী সাংস্কৃতিক ঐতিহ্য আৰু জনসাধাৰণৰ সৌহার্দ্যৰ বাবে ছিকিমৰ প্ৰশংসা কৰে। তেওঁ কয়, যে দেশৰ আটাইতকৈ অধিক পৰিৱেশ সচেতন ৰাজ্য হিচাপে ছিকিমে সমন্বয় প্ৰদৰ্শন কৰি বহনক্ষম উন্নয়নৰ উল্লেখনীয় নজিৰ দাঙি ধৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ছিকিম মানে হৈছে সমাহিত সৌন্দর্য্য, ঐশ...