July 31, 2024 8:01 PM

views 11

ছিকিমৰ অষ্টাদশ ৰাজ্যপাল হিচাপে ওম প্রকাশ মাথুৰৰ শপত গ্ৰহণ

ওম প্রকাশ মাথুৰে আজি ছিকিমৰ অষ্টাদশ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। চিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিশ্বনাথ চৌমদ্দৰে তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় . অনুষ্ঠানত মুখ্যমন্ত্ৰী প্রেম সিং টামাং, কেইবাগৰাকীও কেবিনেট মন্ত্রী, বিধায়ক আৰু জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। এই উপলক্ষে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে এজোপা গছ মাতৃৰ নামত অভিযানৰ অধীনত ৰাজ ভৱন চৌহদত গছপুলি ৰোপণ কৰে।