October 6, 2025 2:10 PM

views 24

হিমালয়ত হোৱা প্ৰবল বৰষুণৰ ফলত উত্তৰবংগ আৰু ছিকিমত অভূতপূৰ্ব বান

হিমালয়ৰ উৎস অংশত হোৱা প্ৰৱল বৰষুণৰ ফলত উত্তৰ বংগ আৰু ছিকিমৰ প্ৰায়বোৰ নদী ফেনে-ফোটোকাৰে বাঢ়ি অহাৰ ফলত সমগ্ৰ অঞ্চলটো অভূতপূৰ্ব বানৰ কবলত পৰিছে। তিস্তা আৰু তৰ্ছা নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ভালেখিনি ওপৰেৰে বৈ থকাৰ ফলত বিস্তীর্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে পথ আৰু ৰে'ল যোগাযোগ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ছিকিম আৰু দাৰ্জিলিঙত প্ৰৱল বৰষুণ আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈকে ২৩জন লোকে প্ৰাণ হেৰুৱাইছে। উত্তৰ বংগৰ মিৰিকত উদ্ধাৰ অভিযানত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, সেনা বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু আৰক...

June 16, 2024 7:41 PM

views 27

ছিকিমৰ বান বিধবস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান পূর্ণগতিত অব্যাহত

ছিকিমৰ বান বিধবস্ত অঞ্চলসমূহত বিশেষকৈ বানত সর্বাধিক ক্ষতিগ্রস্ত মংগন জিলাত উদ্ধাৰ আৰু সাহায্য অভিযান পূর্ণ গতিত অব্যাহত আছে। ৰাজ্যখনৰ বন আৰু পৰিৱেশ মন্ত্ৰী পিঞ্চ' নামগয়াল লেপচাই জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মংগন জিলাৰ নামনি ঝুছিং আৰু ৰালক অঞ্চল পৰিদৰ্শন কৰে। জিলাখনৰ প্রায় ১০ হাজাৰ লোকক সাময়িকভাৱে স্থানান্তৰিত কৰা হৈছে। ইফালে, ৰাজ্যিক পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ছেৰিম ঠেণ্ডুপ ভূটিয়াৰ নেতৃত্বত আজি জিলাখনৰ লাচুং আৰু চুংথাঙৰ পৰা ১৫ গৰাকী বিদেশী পর্যটককে ধৰি প্ৰায় দুহেজাৰ পৰ্য...