October 6, 2025 2:10 PM October 6, 2025 2:10 PM
16
হিমালয়ত হোৱা প্ৰবল বৰষুণৰ ফলত উত্তৰবংগ আৰু ছিকিমত অভূতপূৰ্ব বান
হিমালয়ৰ উৎস অংশত হোৱা প্ৰৱল বৰষুণৰ ফলত উত্তৰ বংগ আৰু ছিকিমৰ প্ৰায়বোৰ নদী ফেনে-ফোটোকাৰে বাঢ়ি অহাৰ ফলত সমগ্ৰ অঞ্চলটো অভূতপূৰ্ব বানৰ কবলত পৰিছে। তিস্তা আৰু তৰ্ছা নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ভালেখিনি ওপৰেৰে বৈ থকাৰ ফলত বিস্তীর্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে পথ আৰু ৰে'ল যোগাযোগ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ছিকিম আৰু দাৰ্জিলিঙত প্ৰৱল বৰষুণ আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈকে ২৩জন লোকে প্ৰাণ হেৰুৱাইছে। উত্তৰ বংগৰ মিৰিকত উদ্ধাৰ অভিযানত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, সেনা বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু আৰক...