December 27, 2025 7:50 PM

views 22

পার্বত্য ৰাজ্য ছিকিমত চলিত শীতকালত অভিলেখসংখ্যক পৰ্যটকৰ আগমন

পার্বত্য ৰাজ্য ছিকিমত চলিত শীতকালত অভিলেখসংখ্যক পৰ্যটকৰ আগমন হৈছে। উত্তৰ ছিকিমৰ লাচুঙৰ সকলো হোটেলৰ বুকিং ইতিমধ্যে সম্পূৰ্ণ হৈছে। পূৱ ছিকিমৰ নাথুলা আৰু জুলুকত ২২ ডিচেম্বৰৰ পৰা অগণন পৰ্যটকৰ সমাগম হৈছে। বিগত বছৰতো ৰাজ্যখনত মটৰ চাইকেল এডভেঞ্চাৰ পৰ্যটন বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ গেংটক আৰু পেলিঙত হোটেলসমূহৰ কোঠাৰ ভাড়া বৃদ্ধি হোৱা দেখা গৈছে।

November 15, 2025 12:27 PM

views 17

গেংটকৰ পাংথাঙত ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা

পৰ্যটন মন্ত্ৰালয়ে ছিকিম চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত গেংটকৰ পাংথাঙত ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা অনুষ্ঠিত কৰিছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কালি অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু, অৰুণাচলৰ পৰ্যটন মন্ত্ৰী পাচং দৰ্জে চোনা, অসমৰ পৰ্যটন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাস, ছিকিমৰ পৰ্যটন মন্ত্ৰী ছেৰিং ঠেনডুপ ভূটীয়াৰ উপৰি পর্যাটন মন্ত্ৰালয়ৰ সচিব ভি বিদ্যাৱতী আৰু অকিৰিক্ত সচিব সুমন বিল্লাকে ধৰি ভালেকেইগৰাকী শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি অসমৰ পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে প্রধানমন্ত্ৰ...

August 18, 2025 12:40 PM

views 13

ছিকিমৰ ১০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো ভূমিস্খলনত বন্ধ হৈ থকাৰ পাছত কালি পুনৰ মুকলি

ছিকিম আৰু কালিমপঙক দেশৰ অন্যান্য প্ৰান্তৰ সৈতে সংযোগ কৰা ১০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো বিগত ছদিন ধৰি ভূমিস্খলনৰ বাবে বন্ধ হৈ থকাৰ পাছত কালি পুনৰ মুকলি কৰি দিয়া হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে এই পথছোৱা মুকলি কৰিবৰ বাবে সকলো প্ৰচেষ্টা গ্রহণ কৰে, বিশেষকৈ 29 TH মাইল এলেকাত তিষ্টা নদীয়ে পথৰ একাংশ সম্পূৰ্ণৰূপে ক্ষতিগ্রস্ত কৰাৰ ফলত পথছোৱা মুকলি কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।

July 15, 2025 11:52 AM

views 29

ছিকিমত দেশৰ প্ৰথমখন ডিজিটেল যাযাবৰ গাঁও আনুষ্ঠানিকভাৱে মুকলি

ছিকিমৰ পায়ং জিলাৰ য়াকটেন গাঁৱত কালি দেশৰ প্ৰথমখন ডিজিটেল যাযাবৰ গাঁও আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ৰাজ্যৰ মহিলা, শিশু, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ কল্যাণ বিভাগৰ উপদেষ্টা তথা বিধায়ক পামিন লেপচাই এই গাঁও মুকলি কৰে। এই প্ৰচেষ্টাৰ উদ্দেশ্য হৈছে বহনক্ষম তথা দুর্গম অঞ্চলতো উন্নত ডিজিটেল ব্যৱস্থাৰ সুবিধা উপলব্ধ কৰোৱা, যাতে অঞ্চলটোৰ জনসাধাৰণ আৰু অস্থায়ীভাৱে থকা লোকসকলেও এই সুবিধা লাভ কৰিব পাৰে।

June 6, 2025 7:26 PM

views 27

চিকিমৰ মাংগন জিলাৰ লাচেনত আৱদ্ধ পৰ্যটকসকলৰ উদ্ধাৰ অভিযান সম্পূৰ্ণ

চিকিমৰ মাংগন জিলাৰ লাচেনত আৱদ্ধ পৰ্যটকসকলৰ উদ্ধাৰ অভিযান আজি সম্পূৰ্ণ হৈছে। এই সমগ্ৰ অভিযান নিৰীক্ষণত থকা মাংগন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে এই কথা নিশ্চিত কৰিছে। বাগদোগৰা আৰু পাকয়ঙৰ পৰা বায়ু সেনাৰ হেলিকপ্তাৰে বাকী থকা পৰ্যটকসকলৰ উপৰি চাতেনত বাস কৰা কিছু লোকক উদ্ধাৰ কৰে। আকাশবাণী গেংটকৰ সংবাদদাতাই জনোৱা মতে, বায়ু সেনা, স্থল সেনা, এন ডি আৰ এফ আৰু ৰাজ্য চৰকাৰৰ কেইবাটাও সংস্থাই যুটীয়াভাৱে এই উদ্ধাৰ অভিযান চলায়। উদ্ধাৰকাৰী দলসমূহে পৰ্যটকসকলক উদ্ধাৰ কৰাৰ সময়ত অতি প্ৰতিকূল বতৰৰ সন্মুখীন হ...

June 2, 2025 10:05 AM

views 25

৫ বছৰৰ বিৰতিৰ অন্তত কৈলাশ মানসৰোবৰ যাত্ৰাৰ আয়োজন

ছিকিম চৰকাৰে ৫ বছৰৰ বিৰতিৰ অন্তত ভগৱান শিৱৰ পবিত্ৰ তীৰ্থস্থান কৈলাশ মানসৰোবৰ যাত্ৰাৰ আয়োজন কৰিবলৈ সাজু হৈছে। ছিকিম চৰকাৰৰ পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব চি এছ ৰাওৱে জনাইছে যে অহা ১৫ জুনত গেংটকত প্ৰথমটো তীর্থযাত্ৰীৰ দল উপস্থিত হোৱাৰ লগে লগেই এই যাত্ৰাৰ আৰম্ভ হ'ব। সুগম যাত্ৰাৰ বাবে গেংটক আৰু নাথুলাৰ মাজত অভ্যস্ততা কেন্দ্ৰ স্থাপন কৰা হৈছে। এই যাত্ৰা সম্পূৰ্ণ হ'বলৈ প্ৰায় ২০-২১ দিন সময় লাগিব বুলি আশা কৰা হৈছে। কৈলাশ মানসৰোবৰ যাত্ৰাৰ বাবে যাত্ৰীসকলে ১১ জুনত নতুন দিল্লীত ...

May 29, 2025 7:08 PM

views 21

কেন্দ্ৰীয় চৰকাৰে ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব দি আহিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত উজলি থকা অধ্যায় বুলি মন্তব্য কৰিছে। ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভার্চুৱেলি অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব দি আহিছে। এই ক্ষেত্ৰত নির্মীয়মান চেৱোক ৰংপো ৰে'লপথে ছিকিমক দেশৰ ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ কথাও তেওঁ উল্লেখ কৰে। শ্রীমোদীয়ে কয় যে যোৱা ১০ বছৰত ছিকিমত প্রায় ৪০০ কিলোমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ ...

May 29, 2025 3:17 PM

views 29

ছিকিমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ উন্নয়নৰ এটা উজ্জ্বল অধ্যায়ঃ প্রধানমন্ত্ৰী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ উন্নয়নৰ এটা উজ্জ্বল অধ্যায় বুলি অভিহিত কৰিছে। ছিকিম ৰাজ্য প্ৰতিষ্ঠাৰ ৫০ বছৰ পূৰ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠান ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰি তেওঁ এইদৰে মত প্ৰকাশ কৰে। ছিকিমৰ ৫০ বছৰ : উদ্দেশ্য সাধনমূলক প্ৰগতি আৰু প্ৰকৃতিৰ সৈতে বিকাশ সন্দৰ্ভত আয়োজিত বিশেষ অনুষ্ঠানত অংশগ্রহণ কৰি তেওঁ এইদৰে কয়। উল্লেখযোগ্য যে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনৰ উদ্দেশ্যে ছিকিম, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্রী মোদী আজি...

December 31, 2024 1:31 PM

views 37

প্ৰচণ্ড তুষাৰপাতৰ ফলত ছিকিমৰ বিভিন্ন স্থানত বহুতো পৰ্যটক আৱদ্ধ

ছিকিমত যোৱা কিছুদিনত প্ৰচণ্ড তুষাৰপাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত বহুতো পৰ্যটক আৱদ্ধ হৈ পৰিছে। শেহতীয়াকৈ ছিকিম আৰক্ষী আৰু সীমান্ত পথ সংস্থাই যুটীয়াভাৱে অভিযান চলাই ৰাজ্যখনত আবদ্ধ হৈ থকা অসমৰ ছগৰাকী পৰ্যটকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। পৰহি নিশা উত্তৰ ছিকিমৰ মংগন জিলাৰ লাছুঙৰ পৰা ১০ কিলোমিটাৰ দূৰৰ য়াক্ষে নামৰ অঞ্চলত প্ৰচণ্ড ধুমুহা আৰু তুষাৰপাতৰ ফলত অসমৰ ছজনীয়া পৰ্যটকৰ দলটো আবদ্ধ হৈ পৰে। ইয়াৰ পাছতে ছিকিম আৰক্ষী আৰু বি আৰ অ’ই এই লোকসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰি কালি তেওঁলোকক উদ্ধাৰ ক...

June 14, 2024 5:19 PM

views 49

বিগত ৬০ ঘণ্টাত উত্তৰ চিকিমত নেৰানেপেৰা বৰষুণৰ ভয়াবহ ৰূপ ধাৰণ

বিগত ৬০ ঘণ্টাত উত্তৰ চিকিমত হোৱা নেৰা নেপেৰা বৰষুণে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ তীষ্টা নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত চাংকালাঙত এখন পুৰণা ওলমা দলং আৰু নতুনকৈ নিৰ্মাণ কৰা বেইলী দলং দুয়োখনেই ভাগি পৰে। ইয়াৰ ফলত প্ৰায় দুহেজাৰ পৰ্যাটক অঞ্চটোত আৱদ্ধ হৈ পৰিছে। উত্তৰ চিকিমৰ জংগো অঞ্চলৰ সৈতে গুৰুত্বপূর্ণ সকলো যোগাযোগ বিচিন্ন হৈ পৰিছে। জিলা দণ্ডাধীশ হেম কুমাৰ চেত্ৰীয়ে কালি এখন বৈঠকত মিলিত হৈ বৰষুণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। বৰষুণৰ ফলত পাকেচেপত ৩ জন আৰু আম্বিথাঙত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ক'বি আৰু আম্বিথা...