November 13, 2024 8:10 PM
9
শিৱসাগৰ বিশ্ববিদ্যালয় ইউ জি চি এক্ট, ১৯৫৬ৰ 2-F ৰ অধীনত দেশৰ এখন বিশ্ববিদ্যালয় হিচাপে তালিকাভুক্ত
অসম চৰকাৰে ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে বিগত বছৰত ঘোষণা কৰা শিৱসাগৰ বিশ্ববিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে ইউ জি চি এক্ট, ১৯৫৬ৰ 2-F ৰ অধীনত দেশৰ এখন বিশ্ববিদ্যালয় হিচাপে তালিকাভুক্ত কৰিছে। আজি বিশ্ববিদ্যালয়খনত অনুষ্ঠিত এটা অনুষ্ঠানত ভাৰপ্ৰাপ্ত উপাচার্য ডº জিতেন হাজৰিকাই এই স্বীকৃতি সন্দৰ্ভত ৰাজহুৱা ঘোষণা কৰে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা লাভ কৰা এই মৰ্যাদাৰ পাছত বিশ্ববিদ্যালয়খনে মানপত্র, ডিগ্রী, গৱেষণা আদি শৈক্ষিক কাম-কাজবোৰ স্বতন্ত্রভাৱে কৰিব পাৰিব। উল্লেখযোগ্য যে শিৱসাগৰ কলেজৰ পৰ...