June 24, 2025 8:15 PM

views 13

ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ গেছ নির্গমন অহা দুই-এদিনৰ ভিতৰতে নিয়ন্ত্ৰিত হোৱাৰ আশা

শিৱসাগৰৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ভটিয়াপাৰত থকা ১৪৭ নম্বৰ তৈলখাদটোৰ পৰা হোৱা গেছ নির্গমন অহা দুই-এদিনৰ ভিতৰতে সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত হোৱাৰ আশা কৰা গৈছে। তিনিগৰাকী মার্কিন তৈলখাদ বিশেষজ্ঞ – কেনেট ৰাইট, ৰবাৰ্ট মেলানকন আৰু উইলিয়াম মেকড’নাল্ডৰ তত্বাৱধানত গেছ নির্গমন বন্ধ কৰিবলৈ চলাই থকা অভিযান আজিও অব্যাহত আছে। গেছ নির্গমনৰ উৎস বন্ধ কৰাৰ বাবে গুৱাহাটীৰ পৰা নিয়া বুম ক্রেন অর্থাৎ দীঘলীয়া ক্রেনখনকো কামত লগোৱা হৈছে। আমাৰ আগৰ বাতৰিতেই কোৱা হৈছে যে গেছ নিগমনৰ পৰিমাণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত কৰ্তৃপক্ষই ঘ...