June 7, 2025 8:26 PM

views 14

ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বিষয়টো কৃষি খণ্ডৰ উন্নয়ন আৰু কৃষক সকলৰ সমৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰিব বুলি শিৱৰাজ সিং চৌহানৰ প্ৰকাশ

ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বিষয়টো কৃষি খণ্ডৰ উন্নয়ন আৰু কৃষক সকলৰ সমৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। মধ্যপ্ৰদেশৰ ছিহোৰত আজি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে খেতিয়কসকলক বিকশিত কৃষি সংকল্প অভিযান সাফল্যমণ্ডিত কৰাৰ বাবে বিজ্ঞানীসকলৰ কথা শুনিবলৈ আৰু তেওঁলোকৰ পৰামৰ্শ প্ৰয়োগ কৰি কামকাজৰ উন্নয়ন সাধন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত ৫১ কোটিৰো অধিক টকাৰ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন কৰা হয়। শ্রী চৌহা...

May 18, 2025 11:16 AM

views 18

কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰতা মুক্ত গাঁও সুনিশ্চিত কৰাৰ বাবে কাম কৰি আছেঃ কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰতা মুক্ত গাঁও সুনিশ্চিত কৰাৰ বাবে কাম কৰি আছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি প্রধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অধীনত অসমৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কৰা ৫৫ হাজাৰ বাসগৃহৰ গৃহ প্ৰৱেশ অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে চলিত বিত্তীয় বৰ্ষত অসমৰ বাবে প্রধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অধীনত আৰু ৩ লাখ ৭৬ হাজাৰ বাসগৃহত আৱণ্টন জনোৱাৰ কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে গ্ৰামাঞ্চলৰ আন্...

March 21, 2025 6:40 PM

views 13

বিৰোধী দলসমূহক সদনত কৃষি সন্দৰ্ভত আলোচনা কৰাত সহযোগ কৰিবলৈ আহ্বান শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিৰোধী দলসমূহক সদনত কৃষি সন্দৰ্ভত আলোচনা কৰাত সহযোগ কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয়, যে সদনত এই বিষয়ত আলোচনা হ'লেহে কৃষকসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা কামসমূহ আগবঢ়াই নিব পৰা যাব। সদনৰ বাহিৰত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰ সদনত কৃষকসকলৰ বিষয়সমূহ আলোচনা কৰিবলৈ সদায় সাজু আছে। কৃষকসকলৰ কল্যাণৰ বিষয়টোক মোদী চৰকাৰে অগ্ৰাধিকাৰ দিছে বুলি তেওঁ লগতে উল্লেখ কৰে ৷

January 9, 2025 6:53 PM

views 12

প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ অধীনৰ গৃহ প্ৰৱেশ অনুষ্ঠানত শিৱৰাজ সিং চৌহানৰ অংশগ্ৰহণ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি গুৱাহাটীত প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ অধীনত ৫০ হাজাৰ হিতাধিকাৰীৰ গৃহ প্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ লগতে ধৰিত্ৰী আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযানৰ অধীনত ২০২৪-২৫ বিত্তীয় বৰ্ষত ৩২ কোটি ৬৪ লাখ টকাৰ কৃষি যন্ত্ৰপাতিৰ বিতৰণ অনুষ্ঠানতো ভাগ লয়। এই অনুষ্ঠানতে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত ২০গৰাকী লাখপতি বাইদেউক সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।