August 19, 2024 12:06 PM

views 11

আজি পৱিত্র অমৰনাথ যাত্ৰাৰ সামৰণি

পৱিত্র অমৰনাথ যাত্ৰাৰ আজি পুৱা সামৰণি পৰে। দেশৰ বিভিন্ন প্ৰান্তৰ ৫ লাখৰো অধিক তীর্থযাত্ৰীয়ে এইবাৰ অমৰনাথ গুহা পৰিদৰ্শন কৰে। জন্মু কাশ্মীৰৰ পৰা আমাৰ সংবাদদাতাই জনোৱা মতে, স্থানীয় পৰম্পৰা আৰু ধৰ্মীয় ৰীতি-নীতিৰে অমৰনাথ যাত্ৰাৰ অন্তিম কাৰ্যসূচী আনুষ্ঠানিকভাৱে পুৱাৰ ভাগত সমাপন কৰা হয়। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ২৯ জুনত অমৰনাথ যাত্ৰা আৰম্ভ হৈছিল। এইবাৰ অভিলেখ সংখ্যক তীৰ্থযাত্ৰীয়ে অমৰনাথ গুহা পৰিদৰ্শন কৰি ভগৱান শিৱৰ আশিস গ্ৰহণ কৰে। এই তীৰ্থযাত্ৰীসকলে অনন্তনাগৰ দীৰ্ঘ দূৰত্বৰ পহলগাম পথ আৰু গণ্ডাৰবল ...