April 16, 2025 1:09 PM

views 13

ভাৰতৰ শ্ৰেয়াছ আয়াৰ আই চি চিৰ মাৰ্চ মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ ৰূপে নিৰ্বাচিত

২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্ৰফীত দেখুওৱা অনবদ্য প্ৰদৰ্শনৰ সুবাদত ভাৰতৰ শ্ৰেয়াছ আয়াৰক আই চি চিৰ মাৰ্চ মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ ৰূপে নিৰ্বাচিত কৰা হৈছে। মহিলা শাখাত অষ্ট্ৰেলিয়াৰ জর্জিয়া ব'ললৈ এই সন্মান আগবঢ়োৱা হৈছে। শেহতীয়া চেম্পিয়নছ ট্ৰফীত ভাৰতৰ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা শ্ৰেয়াছে অন্তিম তিনিখন খেলত ৫৭.৩৩ গড়ত ১৭২ ৰাণ কৰিছিল। শ্রেয়াছে সম্পূর্ণ প্রতিযোগিতাত ৪৮.৬ গড়ত ২৪৩ ৰাণ কৰি দ্বিতীয় সর্বোচ্চ ৰাণ সংগ্ৰহকাৰী পৰিগণিত হয়। ফেব্ৰুৱাৰীত ভাৰতৰ আন এগৰাকী তাৰকা খেলুৱৈ শুভমন গিল আই চি ...