April 18, 2025 10:34 AM

views 14

এছিয়ান য়ুথ চেম্পিয়নশ্বিপৰ ১০০ মিটাৰ হাৰ্ডলছত ভাৰতৰ সৌৰ্যা আম্বুৰেৰ ব্ৰঞ্জৰ পদক অৰ্জন

চৌদি আৰবৰ ডাম্মামত অনুষ্ঠিত এছিয়ান য়ুথ চেম্পিয়নশ্বিপৰ ১৮ বছৰ অনুৰ্ধৰ মহিলাৰ ১০০ মিটাৰ হাৰ্ডলছত ভাৰতৰ সৌৰ্যা আম্বুৰেই ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ১৫ বছৰীয়া খেলুৱৈগৰাকীয়ে ১৩ দশমিক ৮-০ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি তৃতীয় স্থান দখল কৰে। এই শাখাত চীনৰ বাও য়িনয়িন আৰু হে য়িহুই ক্ৰমে সোণ আৰু ৰূপৰ পদক অৰ্জন কৰে।