August 16, 2024 8:20 PM August 16, 2024 8:20 PM

views 8

ধেমাজিত সংঘটিত বোমা বিস্ফোৰণত নিহতৰ স্মৃতিত ৰাজ্যজুৰি শোক দিৱস পালন

ধেমাজি জিলাৰ কাছাৰী ময়দানত ২০০৪ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত উগ্ৰপন্থীয়ে সংঘটিত কৰা বোমা বিস্ফোৰণত নিহত লোকসকলৰ স্মৃতিত আজি শোক দিৱস পালন কৰা হয়। লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত এই উপলক্ষে নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলক শপত বাক্য পাঠ কৰোৱা হয়। এই কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ভালেমান কৰ্মচাৰী উপস্থিত থাকে। ইয়াৰ উপৰিও জিলাখনৰ আন আন বিভাগস...