August 29, 2024 8:49 PM

views 11

নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত ‘এক পেৰ মা কে নাম’ অভিযানৰ অন্তৰ্গত শিৱৰাজ সিং চৌহানৰ গছপুলি ৰোপণ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত এক পেৰ মা কে নাম অভিযানৰ অন্তৰ্গত গছপুলি ৰোপণ কৰে। মন্ত্ৰ্যালয়ে প্রায় এক একৰ ভূমি সামৰি মাতৃ বন নির্মাণ কৰিব বুলি তেওঁ ঘোষণা কৰে। শ্ৰী চৌহানে কয় যে, এই কাৰ্যসূচীত মন্ত্ৰ্যালয়ৰ লগতে ৮০০ ৰো অধিক প্রতিষ্ঠানে অংশগ্রহণ কৰিব আৰু প্ৰায় চাৰি হাজাৰ গছপুলি ৰোপণ কৰিব। মন্ত্রালয়ে জনাইছে যে এই অভিযানৰ লক্ষ্য হৈছে সমগ্ৰ দেশতে অহা মাহৰ ভিতৰত ৮০ কোটি গছপুলি ৰোপণ কৰা আৰু অহা বছৰ মাৰ্চৰ ভিতৰত ১৪০ কোটি ...