August 11, 2025 9:18 PM

views 10

প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত দেশৰ ৩৫ লাখৰো অধিক কৃষকলৈ ৩,৯০০ কোটি টকা হস্তান্তৰ

প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত শস্য বীমা দাবীৰ ধন পৰিশোধ হিচাপে দেশৰ ৩৫ লাখৰো অধিক কৃষকলৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰৰ জৰিয়তে ৩ হাজাৰ ৯০০ কোটি টকা হস্তান্তৰ কৰা হয়। ইয়াৰ ভিতৰত ৰাজস্থানৰ ৯ লাখ ৭০ হাজাৰ কৃষকলৈ এহেজাৰ ৪০০ কোটি টকা হস্তান্তৰ কৰা হয়। ৰাজস্থানৰ ঝুনঝুনত আজি অনুষ্ঠিত এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শিৱৰাজ সিং চৌহানে এইদৰে কয়। এই অনুষ্ঠানত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, কেন্দ্ৰীয় কৃষি ৰাজ্যমন্ত্ৰী ভগীথ চৌধুৰীও উপস্থিত আছিল। অনুষ্ঠানত ভ...