January 4, 2026 7:52 PM

views 64

২০২৫ চনত দেশত ধানৰ উৎপাদন ১৫ কোটি টনৰো অধিক হৈছে বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰকাশ

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ২০২৫ চনত দেশত ধানৰ উৎপাদন ১৫ কোটি টনৰো অধিক হৈছে বুলি প্ৰকাশ কৰিছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদ আই চি এ আৰে বিকশাই তোলা ২৫ বিধ শস্যৰ ১৮৪ টা নতুন জাত মুকলি কৰি শ্রীচৌহানে কয় যে ধানৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতে চীনক পাছ পেলাইছে। তেওঁ লগতে কয় যে ভাৰত বিশ্বৰ ভিতৰতে ধান ৰপ্তানিৰ ক্ষেত্ৰত অগ্ৰণী দেশ হিচাপে পৰিগণিত হৈছে। শ্রীচৌহানে কয় যে যোৱা দহ বছৰত বীজৰ ৩২০০তকৈ অধিক নতুন জাত বিকশাই তোলা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন আঁচনিসমূহৰ সুফল তিনিবছৰৰ ভিতৰত ...

September 25, 2025 9:56 PM

views 33

ছিকিম উদ্যান শস্য মহাবিদ্যালয়ৰ নতুন প্রশাসনিক আৰু শৈক্ষিক ভৱন উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিঙৰ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিঙে আজি নতুন দিল্লীৰ পৰা ছিকিম উদ্যান শস্য মহাবিদ্যালয়ৰ নতুন প্রশাসনিক আৰু শৈক্ষিক ভৱন ভার্চুৱেল মাধ্যমেৰে উদ্বোধন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী শ্ৰী সিঙে কয়, যে ৫২ কোটি টকা ব্যয় সাপেক্ষ এই প্রকল্পই ছিকিমৰ শিক্ষাৰ্থী, খেতিয়ক আৰু সমগ্ৰ উত্তৰ-পূব অঞ্চলক এটা নতুন গতি দিব। তেওঁ লগতে কয়, যে শিক্ষাৰ্থীসকলে কেৱল শস্য উৎপাদনৰ কৌশলেই নহয়, ইয়াৰ প্ৰচেছিং, পেকেজিং, বজাৰ আৰু ৰপ্তানি সন্দৰ্ভতো গভীৰ জ্ঞান লাখ কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে,...

September 20, 2025 12:45 PM

views 31

বান প্রভাৱিত জম্মুৰ আৰ এছ পুৰা সীমান্ত অঞ্চল পৰিদৰ্শন কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি বান প্রভাৱিত জম্মুৰ আৰ এছ পুৰা সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। বানে ক্ষতি কৰা কৃষকক সাহায্য আগবঢ়াবলৈও কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক আশ্বাস দিয়ে। কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বালিয়ে পুতি পেলোৱা শস্যভূমি পৰিদৰ্শন কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ এটা দলে ক্ষয়-ক্ষতিৰ হিচাপ পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিব বুলি প্ৰকাশ কৰে। প্ৰতিবেদন দাখিলৰ পাছতে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ ব...

August 15, 2025 8:13 PM

views 30

দেশৰ কৃষকসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ এটা মত-বিনিময়

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে ভাৰতে কৃষকসকলৰ স্বাৰ্থত আঘাত হানিব পৰা কোনো বিষয়ক লৈ আন দেশৰ সৈতে কোনো ধৰণৰ চুক্তিত স্বাক্ষৰ নকৰে। নতুন দিল্লীত আজি দেশৰ কৃষকসকলৰ সৈতে হোৱা এটা মত-বিনিময়ত শ্রীচৌহানে কয় যে এনে চুক্তিয়ে দুয়োপক্ষক সমানেই লাভান্বিত কৰিব লাগিব। তেওঁ কয় যে কৃষকসকলৰ কল্যাণ আৰু ৰাষ্ট্ৰ কল্যাণ কেন্দ্ৰীয় চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়।

July 17, 2025 9:30 PM

views 28

কৃষি বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক প্রধানমন্ত্ৰীৰ কৃষি ধনধান্য যোজনাৰ অধীনত কৃষি উৎপাদন বৃদ্ধিত অৱদান আগবঢ়াবলৈ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আহ্বান

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৃষি বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক প্রধানমন্ত্ৰীৰ কৃষি ধনধান্য যোজনাৰ অধীনত কৃষি উৎপাদন বৃদ্ধিত অৱদান আগবঢ়াবলৈ আহ্বান জনাইছে। বিহাৰৰ সমষ্টিপুৰৰ পুছাত আজি ড০ ৰাজেন্দ্ৰ প্ৰসাদ কৃষি বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে আহ্বান জনায়। শ্রী চৌহানে কয়, যে এই আঁচনিৰ অধীনত কৃষি উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে ১০০ খন চহৰ বাচনি কৰা হৈছে আৰু কেন্দ্ৰীয় মন্ত্রীসভাই কালি এই প্ৰস্তাৱত অনুমোদন দিছে। মন্ত্ৰীগৰাকীয়ে বি...

June 20, 2025 9:36 PM

views 32

হাজাৰ বছৰ ধৰি ভাৰতৰ মাটিত সমবায়ৰ ধাৰণা অব্যাহত আছেঃ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি কৈছে যে হাজাৰ বছৰ ধৰি ভাৰতৰ মাটিত সমবায়ৰ ধাৰণা অব্যাহত আছে। তেওঁ কয় যে ভাৰতৰ ধমনীৰ মাজেৰে সকলোৰে বাবে জনকল্যাণমূলক কাম অব্যাহত আছে আৰু এই ক্ষেত্ৰত সমবায়ৰ এটা বিশেষ গুৰুত্ব আছে। মুম্বাইত আন্তঃৰাষ্ট্ৰীয় সমবায় বর্ষ হিচাপে আয়োজিত ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীচৌহানে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা ভালেমান আঁচনিৰ কথা উল্লেখ কৰি ইয়াৰ ফলত কৃষিৰ আয় বৃদ্ধি, কৃষিৰ লগত জড়িত উদ্যোগসমূহৰ জৰিয়তে কৃষকৰ সমৃদ্ধি আৰু বহনক্ষম কৃষি পদ্ধ...

February 4, 2025 6:35 PM

views 34

বিজেপি চৰকাৰ কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ বাবে বদ্ধপৰিকৰ : কেন্দ্ৰীয় কৃষি মন্ত্রী

কেন্দ্ৰীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ বিজেপি চৰকাৰ কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ বাবে বদ্ধপৰিকৰ। লোকসভাৰ প্ৰশ্নকালত আজি এটা প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে সামগ্ৰীৰ উৎপাদন ব্যয়ৰ তুলনাত ৫০ শতাংশ লাভ হোৱাকৈ চৰকাৰে ২০১৯ চনৰ পৰা ন্যূনতম সমৰ্থন মূল্য নির্ধাৰণ কৰি আহিছে। ভাৰতত বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্বাধিক নাৰিকল উৎপাদন হোৱাটো অতি গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি শ্ৰী চৌহানে কয়, যে নাৰিকল উৎপাদনৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে, ৰাজ্...

February 1, 2025 7:53 PM

views 32

২০২৫-২৬ বৰ্ষৰ বাজেট সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰতিক্ৰিয়া

কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে ২০২৫-২৬ বৰ্ষৰ বাজেট ঘোষণা কৰা কপাহ উৎপাদনশীলতা অভিযানে কপাহৰ উৎপাদনে নহয় কপাহৰ মানো বৃদ্ধি কৰিব বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত শ্ৰী চৌহানে কয়, যে উচ্চ মানৰ কপাহ উৎপাদনৰ বাবে আঁহৰ প্ৰসংস্কৰণ আৰু দীর্ঘস্থায়ী প্রাকৃতিক আঁহ উৎপাদনক উদগনি যোগোৱাৰ বাবে আন্তঃগাঁঠনি সৃষ্টি কৰাৰ প্ৰয়াস কৰা হ'ব। তেওঁ লগতে জানিবলৈ দিয়ে যে, বিহাৰত মাখানা বোর্ড গঠনে মাখানা প্ৰসংস্কৰণৰ দৰে বিভিন্ন কাম কাজ কৰাত সহায়ক হ'ব।

January 4, 2025 7:12 PM

views 36

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃষি মন্ত্ৰীৰে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পর্যালোচনা বৈঠক

দেশৰ উৎপাদনকাৰী আৰু উপভোক্তা ৰাজ্যসমূহত দেখা দিয়া সামগ্ৰীৰ মূল্যৰ ব্যৱধান দূৰ কৰিবলৈ যাতায়াত আৰু মজুতকৰণৰ ব্যয় চৰকাৰে বহন কৰিব বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰিছে। আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃষি মন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত পর্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ কৃষি খণ্ড আৰু সংশ্লিষ্ট খণ্ডসমূহৰ বিকাশৰ হাৰ ৩ দশমিক ৫ শতাংশৰ পৰা ৪ শতাংশৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে। তেওঁ লগতে কয় যে প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ অধীনত প্ৰায় ৩ লাখ ৪৬ হাজা...

December 10, 2024 8:57 PM

views 36

ৰাজ্যসমূহৰ পৰা কৃষি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰাৰ বাবে ব্যাপক সহযোগিতাৰ ব্যৱস্থা কৰা হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় চৰকাৰে শস্য, বতৰ আৰু পানীৰ তথ্য সংগ্ৰহৰ উদ্দেশ্যে ২,৮১৭ কোটি টকা ব্যয়েৰে কেন্দ্ৰীয় মন্ত্রীসভাই ডিজিটেল কৃষি অভিযানৰ প্ৰস্তাৱত অনুমোদন দিয়া বুলি প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যসমূহৰ পৰা কৃষি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰাৰ বাবে ব্যাপক সহযোগিতাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে কয়, যে মোদী চৰকাৰৰ তৃতীয় কাৰ্য্যকালৰ ১০০ দিনৰ ভিতৰত খেতিয়কসকলৰ বাবে ভালেমান উল্লেখনীয় পদক্ষেপ ল...