May 8, 2025 8:44 PM May 8, 2025 8:44 PM
9
২৯ মে’ৰ পৰা বিকশিত কৃষি সংকল্প অভিযান মুকলি কৰা হ’ব : শিৱৰাজ সিং চৌহান
অহা ২৯ মে'ৰ পৰা বিকশিত কৃষি সংকল্প অভিযান মুকলি কৰা হ'ব বুলি কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি প্ৰকাশ কৰে। অহা ১২ জুনলৈ চলিবলগীয়া এই অভিযানৰ জৰিয়তে কৃষকৰ মাজত আধুনিক প্রযুক্তি আৰু বিবিধ নতুন বীজৰ সৈতে সজাগতাৰ সৃষ্টি কৰা হ'ব। নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি-খাৰিফ সজাগতা সন্মিলন ২০২৫ত উপস্থিত থাকি কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। ১৫ দিনীয়া এই সজাগতা অভিযানৰ বিষয়ত আলোকপাত কৰি শ্ৰী চৌহানে কয়, যে এই অভিযানৰ অধিনত সমগ্ৰ দেশৰ ৭০০ খন জিলাৰ ১ কোটি ৫ লাখ খেতিয়কক সামৰ...