December 30, 2025 8:03 PM

views 14

বৰ্তমানৰ আৱশ্যকতাৰ কথা বিবেচনা কৰিয়েই বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়কখন সংসদত গৃহীত কৰা হৈছেঃ কেন্দ্রীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহান

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে বৰ্তমানৰ আৱশ্যকতাৰ কথা বিবেচনা কৰিয়েই বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান জী ৰাম জী বিধেয়কখন সংসদত গৃহীত কৰা হৈছে। এই বিধেয়কখনে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ দোষ-ত্রুটিসমূহ নাইকিয়া কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভূপালৰ এখন সংবাদ মেলত আঁচনিখনৰ নাম সলনিক লৈ বিৰোধীয়ে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত মত প্রকাশ কৰি শ্ৰীচৌহানে আজি কয় যে পূর্বে বিৰোধী দলসমূহ ক্ষমতাত থকাৰ সময়তে বিভিন্ন সময়ত নিয়োগ সম্বন্ধীয় আঁচনিসমূহৰ নাম সলনি কৰা...

May 8, 2025 8:44 PM

views 22

২৯ মে’ৰ পৰা বিকশিত কৃষি সংকল্প অভিযান মুকলি কৰা হ’ব : শিৱৰাজ সিং চৌহান

অহা ২৯ মে'ৰ পৰা বিকশিত কৃষি সংকল্প অভিযান মুকলি কৰা হ'ব বুলি কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি প্ৰকাশ কৰে। অহা ১২ জুনলৈ চলিবলগীয়া এই অভিযানৰ জৰিয়তে কৃষকৰ মাজত আধুনিক প্রযুক্তি আৰু বিবিধ নতুন বীজৰ সৈতে সজাগতাৰ সৃষ্টি কৰা হ'ব। নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি-খাৰিফ সজাগতা সন্মিলন ২০২৫ত উপস্থিত থাকি কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। ১৫ দিনীয়া এই সজাগতা অভিযানৰ বিষয়ত আলোকপাত কৰি শ্ৰী চৌহানে কয়, যে এই অভিযানৰ অধিনত সমগ্ৰ দেশৰ ৭০০ খন জিলাৰ ১ কোটি ৫ লাখ খেতিয়কক সামৰ...

March 11, 2025 6:22 PM

views 21

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে ২০২৪-২৫ বৰ্ষৰ প্রধান কৃষিজাত সামগ্ৰী উৎপাদনৰ দ্বিতীয় পূর্বানুমান প্ৰতিবেদন প্রকাশ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে ২০২৪-২৫ বৰ্ষৰ বাবে প্রধান কৃষিজাত সামগ্ৰী উৎপাদনৰ দ্বিতীয় পূর্বানুমান প্ৰতিবেদন প্রকাশ কৰিছে। পূর্বানুমান অনুসৰি খাৰিফ কৃষিজাত শস্যৰ উৎপাদন প্রায় ৬৬ লাখ মেট্রিক টন হোৱাৰ লগতে ৰবি খাদ্য শস্যৰ উৎপাদন ১,৬৪৫ লাখ মেট্রিক টনতকৈও অধিক হ'ব বুলি অনুমান কৰা হৈছে। খাৰিফ ধানৰ উৎপাদন ২০২৩-২৪ বৰ্ষৰ প্ৰায় ১,১৩২ লাখ মেট্রিক টনৰ পৰা বৃদ্ধি হৈ ১,২০৬ লাখ মেট্রিক টন হ'ব বুলি আশা কৰা হৈছে। তুৰ আৰু মাহজাতীয় শস্যৰ উৎপাদন ৩৫ লাখ ১১ হাজাৰ মেট্রিক টন আৰু ১১৫ লাখ ৩৫ মেট্রিক ...

February 19, 2025 3:40 PM

views 26

গাঁৱৰ নাগৰিকসকলৰ জীৱন আৰু অধিক আৰামদায়ক কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিছেঃ শিৱৰাজ সিং চৌহান

গাঁৱৰ নাগৰিকসকলৰ জীৱন আৰু অধিক আৰামদায়ক কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিছে বুলি গ্ৰামীণ উন্নয়ণ মন্ত্রী শিৱৰাজ সিং চৌহানে উল্লেখ কৰে। এই পদক্ষেপসমূহে দেশৰ অৰ্থনীতিত এটা নতুন গতি প্ৰদান কৰিছে। আজি নতুন দিল্লীত এছিয়ান আফ্রিকান গ্রামোন্নয়ন সংস্থা, AARDO ৰ কাৰ্যকৰী কমিটিৰ ৭৭সংখ্যক অধিৱেশন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এনেদৰে কয়। ভাৰতে AARDO ৰ জৰিয়তে জ্ঞান,কাৰিকৰী বিশেষজ্ঞতা,সফল নীতি আৰু কাৰ্যসূচীৰ আদান প্রদান অব্যাহত ৰাখিব বুলি শ্ৰী চৌহানে আশ্বাস প্রদান কৰে৷ ভা...

February 7, 2025 6:01 PM

views 18

যোৱা বছৰৰ শেষলৈকে ই-নাম প’ৰ্টেলত ৪৩০০ৰো অধিক কৃষি উৎপাদন সংস্থাই পঞ্জীয়ন কৰিছেঃ শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে যোৱা বছৰৰ শেষলৈকে ই-নাম প'ৰ্টেলত ৪৩০০ৰো অধিক কৃষি উৎপাদন সংস্থাই পঞ্জীয়ন কৰিছে। তেওঁ লগতে কয় যে কৃষি উৎপাদন সংস্থাৰ ৪ কোটি ৮০ লাখৰো অধিক কৃষকক ২৪৯ কোটি টকাৰ ধনৰাশি বিতৰণ কৰা হৈছে। ৰাজ্যসভাৰ প্ৰশ্ন কালত আজি এটা প্ৰশ্নৰ উত্তৰ দি কৃষি মন্ত্ৰীগৰাকীয়ে দেশত বৰ্তমানলৈকে ১০ হাজাৰ কৃষি উৎপাদন সংস্থা গঠন কৰা হৈছে বুলি প্ৰকাশ কৰে। দেশৰ ১,৪০০ৰো অধিক বজাৰে ই-নাম পৰ্টেলত পঞ্জীয়ন কৰাৰ কথা উল্লেখ কৰি কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে এই পৰ্টেলৰ জৰিয়তে কৃষকসকলে ঘৰ...