October 16, 2025 8:02 PM

views 18

প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্রী শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। গ্রামোন্নয়ন মন্ত্রালয়ে জাৰি কৰা এটা বিবৃতিত এইবুলি কোৱা হৈছে যে বৈঠকত মন্ত্ৰীগৰাকীক প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ ৰাজ্যভিত্তিক অগ্রগতিৰ বিষয়ে অৱগত কৰোৱা হয়। বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য আৰু ছত্তিশগড়কে ধৰি বাওপন্থী উগ্রবাদ প্ৰভাৱিত অঞ্চলসমূহত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। শ্রীচৌহানে বিষয়াসকলক উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কাম তুৰান্বিত কৰিবলৈ ...