May 4, 2025 11:09 AM

views 63

ভাৰতীয় বন্দৰত পাকিস্তানী জাহাজৰ প্ৰৱেশ নিষিদ্ধ

পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতে ভাৰতীয় বন্দৰত পাকিস্তানী জাহাজৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। ভাৰতীয় জাহাজসমূহকো পাকিস্তানী বন্দৰত প্ৰৱেশ কৰাৰ পৰা বাৰণ কৰা হৈছে। জাহাজ পৰিবহন সঞ্চালকালয়ে এটা বিবৃতিযোগে কৈছে যে পাকিস্তানী পতাকা বহন কৰা কোনো জাহাজক ভাৰতীয় বন্দৰত প্ৰৱেশ কৰাৰ অনুমতি দিয়া নহ'ব।