October 14, 2025 11:48 AM

views 60

শ্বিলঙৰ ৰেড লেণ্ডৰ ৰাজবাৰীত ঐতিহাসিক মণিপুৰ ৰাজভৱনৰ পুনৰ নিৰ্মাণৰ কাম নিৰীক্ষণ মণিপুৰৰ ৰাজ্যপালৰ

● মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই শ্বিলঙৰ ৰেড লেণ্ডৰ ৰাজবাৰীত ঐতিহাসিক মণিপুৰ ৰাজভৱনৰ পুনৰ নিৰ্মাণৰ কাম নিৰীক্ষণৰ বাবে পাঁচজনীয়া সদস্যৰে এখন সমিতি গঠন কৰিছে। এই সমিতিখনে ঐতিহাসিক ৰাজভৱনটোৰ প্ৰদৰ্শনী প্ৰেক্ষাগৃহ আৰু গেলেৰী প্ৰদৰ্শনী সামগ্ৰীসমূহ নিৰীক্ষণ কৰিব। মাহুদৰ সঞ্চালক নাংগম উত্তম সিঙৰ নেতৃত্বত এই সমিতিখন গঠন কৰা হৈছে। এই বিষয়ত কলা আৰু সংস্কৃতিৰ উপসচিব সুনান্দা থকছমে সদস্য সচিব হিচাপে উত্তম সিঙক সহযোগিতা আগবঢ়াব। সমিতিখনৰ অন্য তিনিগৰাকী সদস্য হৈছে- ক্লাৰা ক’ছিনী ফিমু, শশীকান্ত শৰ্মা আৰ...

July 23, 2025 7:19 PM

views 34

আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ উপলক্ষে আকাশবাণীৰ সঞ্চালকপ্ৰধান ড° পালিৱাল গৌড়ৰ শ্বিলঙত আয়োজিত সংগীতানুষ্ঠানত অংশগ্ৰহণ

অসম আৰু মেঘালয়ত পাঁচদিনীয়া ভ্রমণসূচীৰে আকাশবাণীৰ সঞ্চালকপ্ৰধান ড° পালিৱাল গৌড়ে শ্বিলঙত আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এটা সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰে। কাইলৈ তেওঁ শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহত কাম-কাজৰ পৰ্যালোচনা কৰিব। ২৫ জুলাইৰ বিয়লি ড° পালিৱাল গৌড় গুৱাহাটীলৈ আহিব আৰু ২৬ জুলাইত তেওঁ গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰিব। ২৭ জুলাইত তেওঁ নতুন দিল্লীলৈ উভতি যাব।

June 30, 2025 7:52 PM

views 69

মেঘালয়ত ট্রেকিং কৰাৰ সময়ত পৰ্যটকসকলক বাধ্যতামূলকভাৱে টুৰিষ্ট গাইডৰ সহায় ল’বলৈ নির্দেশনা

পৰ্যটকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে মেঘালয়ৰ পূৱ খাচী পাহাৰ জিলাৰ উপায়ুক্ত তথা জিলা পৰ্যটন প্ৰসাৰ সমিতিৰ অধ্যক্ষই মেঘালয়ত জিলাখনত ট্রেকিং কৰাৰ সময়ত পৰ্যটকসকলক বাধ্যতামূলকভাৱে টুৰিষ্ট গাইডৰ সহায় ল'বলৈ এটা নির্দেশনা জাৰি কৰিছে। আজি শ্বিলঙত প্রকাশিত এখন জাননীযোগে এই বিষয়ে সদৰি কৰা হৈছে। ট্রেকিঙৰ সময়ত কোনো দূর্ভাগ্যজনক ঘটনা সংঘটিত হ'লে ইয়াৰ পৰা নিজকে সুৰক্ষিত কৰাৰ ক্ষেত্ৰত পর্যটকসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

April 2, 2024 12:03 PM

views 39

শ্বিলং আৰু তুৰা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’বঃ মুখ্য নির্বাচনী বিষয়া ড° বি ডি আৰ তিৱাৰী

◊ মেঘালয়ৰ মুখ্য নির্বাচনী বিষয়া ড° বি ডি আৰ তিৱাৰীয়ে কৈছে যে, ৰাজ্যখনৰ দুখন লোকসভা আসনৰ বাবে মুঠ ২২ লাখ ২৬ হাজাৰ ৫৬৭ গৰাকী ভোটদাতাই দুগৰাকী প্রার্থী নির্বাচন কৰিব। ৰাজ্যখনৰ শ্বিলং আৰু তুৰা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ'ব। Read More News :  লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৯, ২৬ এপ্রিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰৰ বন্ধ ঘোষণা  গোলকীয় বিষয়সমূহে দেশক অধিক প্ৰভাৱিত কৰিব নোৱাৰে তাৰবাবে অহা ১০ বছৰত ভাৰত অৰ্থনৈতিকভাৱে স্ব-নিৰ্ভৰশীল হ'ব লাগিবঃ মোদী  লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত...