February 26, 2025 6:58 PM February 26, 2025 6:58 PM
3
সমগ্ৰ দেশতে মহা শিৱৰাত্ৰি পালন
মহা শিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্রান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ, পামহিৰ ভীমাশংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ, নেঘেীটিঙকে ধৰি বিভিন্ন স্থানত আজি যথাৰীতি আশুতোষৰ আৰাধনা কৰা হয়। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহা শিৱৰাত্ৰি পূজা আৰু মেলা কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। মহাদেৱৰ পূজা-অৰ্চনাৰ বাবে শিৱদৌলত আজি পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটিছে। যোৰহাট লোক...