May 2, 2024 8:48 PM May 2, 2024 8:48 PM
11
ছক্ছগাম উপত্যাকাৰ নিৰ্মাণৰ তথ্য সলনিৰ বাবে চীনে চলোৱা অবৈধ প্ৰয়াসৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিবাদ
ভাৰতে ছক্ছগাম উপত্যাকাৰ নিৰ্মাণৰ কাম-কাজৰ তথ্য সলনি কৰাৰ বাবে চীনে চলোৱা অবৈধ প্ৰয়াসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণদ্বীপ জয়ছোৱালে কয় যে, ভাৰতে ছক্ছগাম উপত্যাকাক নিজৰ ক্ষেত্ৰ বুলি গণ্য কৰে আৰু ১৯৬৩ চনৰ তথাকথিত চীন-পাকিস্তানী সীমা চুক্তি কেতিয়াও মানি নলয়। পাকিস্তানে এই চুক্তিৰ জৰিয়তে অবৈধভাৱে অঞ্চলটোক চীনক অৰ্পণ কৰাৰ প্ৰয়াস চলাইছে। তেওঁ কয় যে, নতুন দিল্লী মহলে তৃণমূল পৰ্যায়ত তথ্য সলনি কৰাৰ অবৈধ...