April 29, 2025 11:49 AM

views 12

দক্ষিণ ইৰাণৰ ছহিদ ৰাজাই বন্দৰত হোৱা বিস্ফোৰণ-অগ্নিকাণ্ডত নিহত লোকৰ সংখ্যা ৭০লৈ বৃদ্ধি

যোৱা শনিবাৰে হৰমুজগানৰ দক্ষিণ ইৰাণ প্ৰান্তৰ ছহিদ ৰাজাই বন্দৰত হোৱা বিস্ফোৰণ আৰু অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৭০লৈ বৃদ্ধি পাইছে। লগতে এই ঘটনাত এহেজাৰ ২০০ৰো অধিক লোক আহত হোৱা বুলি ইৰাণৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰা হৈছে আৰু উদ্ধাৰ তথা সাহায্য অভিযান ক্ষিপ্ৰতাৰে চলাই থকা হৈছে। ইয়াৰ পূৰ্বে ইৰাণৰ গৃহমন্ত্ৰী এছকন্দৰ মোমেনিয়ে প্রান্তীয় ৰাজধানী বন্দৰ আব্বাছত দায়িত্ব জ্ঞানহীনতাৰ বাবে ভয়ংকৰ বিস্ফোৰণটো হোৱা বুলি প্ৰকাশ কৰিছে। ঘটনাৰ তদন্ত অব্...