September 25, 2025 12:36 PM
11
সেৱা সপ্তাহৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলাত সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্যমেলা
সেৱা সপ্তাহৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলাত সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্যমেলাৰ প্ৰথমটো শিবিৰ কালি ডুমডুমাৰ ৰূপাইত অনুষ্ঠিত হয়। ৰূপাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত শিবিৰত শ্ৰম, চাহ শ্রমিক আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাই অংশগ্ৰহণ কৰে। এই শিবিৰৰ দ্বাৰা জনসাধাৰণ বহু উপকৃত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিটোৰ সাংসদ প্ৰদান বৰুৱাইও অংশগ্রহণ কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন ভাৰত নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ...