September 15, 2025 11:38 AM September 15, 2025 11:38 AM
13
সেৱা সপ্তাহ উপলক্ষে ১৯ ছেপ্টেম্বৰত গছপুলি ৰোপণত বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ অধ্যক্ষ, সদস্য, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ অংশগ্রহণ বাধ্যতামূলক
বিদ্যালয় শিক্ষা বিভাগে সেৱা সপ্তাহ উপলক্ষে অহা ১৯ ছেপ্তেম্বৰত ৰাজ্যজুৰি হ'বলগীয়া গছপুলি ৰোপণ কাৰ্যসূচীত বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলকে ধৰি ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ অংশগ্রহণ বাধ্যতামূলক কৰি এটা নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে ছমহীয়া পৰীক্ষা আৰম্ভ হোৱা বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক নকৰিবলৈ শিক্ষা বিভাগে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকক পত্রযোগে নিৰ্দেশ দিছে। নির্দেশটোত বিদ্যালয় কৰ্তৃপক্ষই ৰোপণ কৰা গছপুলিৰ ফটো এই সম্পৰ্কীয...