July 22, 2025 1:06 PM

views 14

নাগালেণ্ডত কেইবাদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চলত ব্যাপক ভূমিস্খলন, যাতায়াত ব্যাহত

কেইবাদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত নাগালেণ্ডৰ বিভিন্ন অঞ্চলত ব্যাপক ভূমিস্খলন হৈছে। যোৱা দেওবাৰে ৰাজধানী কোহিমাৰ ফেচামাৰ পৰা কিছামা-কিগ্‌ৱেমা সংযোগী বিকল্প পথটোত হোৱা ভূমিস্খলনৰ ফলত পথ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে। ক্ষতিগ্রস্ত পথছোৱাত মেৰামতিৰ কাম চলি আছে। এই পথছোৱাৰে বিগত মাহত কিছামাৰ সমীপৰ দুই নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ পাছত এই পথটোৰে লঘু যান-বাহনৰ যাতায়াত সম্পন্ন হৈছিল। এই ক্ষতিগ্ৰস্ত ঘাইপথটোৰে আংক্ষিকভাৱে মেৰামতি কৰি কোহিমাক মণিপুৰৰ সৈতে সংযোগ কৰা হৈছে। মুখ্যমন...