October 16, 2024 8:39 PM
24
৩ৰ পৰা ৬ নবেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হব আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰৰ সপ্তম অধিৱেশন
আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰৰ সপ্তম অধিৱেশন অহা ৩ নবেম্বৰৰ পৰা ৬ নবেম্বৰলৈ চাৰিদিনীয়া কাৰ্য্যসূচীৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। অধিৱেশনত শক্তিৰ উপলভ্যতা, নিৰাপত্তা আৰু সদস্য ৰাষ্ট্ৰসমূহক সৌৰ শক্তি গ্ৰহণ কৰি স্বনিৰ্ভৰশীল হ'বলৈ তথা সৌৰ শক্তিৰ প্ৰয়োগ ত্বৰান্বিত কৰিবলৈ বিত্ত সংগ্ৰহ কৰা আদি আই এছ এৰ পদক্ষেপৰ বিষয়ে আলোচনা কৰা হ'ব। কেন্দ্ৰীয় নৱ আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী আৰু আই এছ এৰ সভাপতি প্ৰহ্লাদ যোশীয়ে নতুন দিল্লীত এক সংবাদ মেলত কয় যে, সৌৰ শক্তিৰ বিস্তৃত ব্যৱহাৰৰ বাবে আই এছ এৰ অধি...