November 16, 2025 8:41 PM

views 32

টকিঅত অনুষ্ঠিত ডীফ অলিম্পিকত ভাৰতৰ ধনুষ শ্রীকান্তৰ এয়াৰ ৰাইফলত সোণৰ পদক অর্জন

টকিঅত অনুষ্ঠিত চলিত বৰ্ষৰ ডীফ অলিম্পিকত ভাৰতৰ ধনুষ শ্রীকান্তে এয়াৰ ৰাইফলত সোণৰ পদক অর্জন কৰি ২৫২.২ পইণ্টেৰে বিশ্ব অভিলেখৰ সৃষ্টি কৰে। আন এগৰাকী ভাৰতীয় মহম্মদ বানিয়াই ২৫০.১ পইণ্টেৰে দ্বিতীয় স্থান দখল কৰি প্ৰথম দুয়োটা পদক ভাৰতৰ হৈ দখল কৰে। আনহাতে মহিলাৰ এয়াৰ ৰাইফল শাখাত মোহিত সান্ধু আৰু কুনাল ৱাঘমাৰে ক্ৰমে ৰূপৰ আৰু ব্ৰঞ্জৰ পদক দখল কৰি ভাৰতৰ হৈ আন এক কৃতিত্ব অর্জন কৰে।