February 1, 2025 12:13 PM

views 10

হকী ইণ্ডিয়া লীগৰ ফাইনেলত আজি হায়দৰাবাদ টুফানছ বনাম শ্ৰাচী ৰাড় বেংগল টাইগাৰ্ছ

হকী ইণ্ডিয়া লীগৰ এখন ছেমি ফাইনেলত কালি সন্ধিয়া ৰুৰকেলাৰ বীৰছা মুণ্ডা হকী ষ্টেডিয়ামত হায়দৰাবাদ টুফানছে জে এছ ডব্লিউ ছুৰমা হকী ক্লাবক ৩-১ গ'লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। হায়দৰাবাদ টুফানছৰ হৈ অমনদীপ লাকা, জেকব এণ্ডাৰছন আৰু নীলকান্ত শৰ্মাই গ'ল দিয়াৰ বিপৰীতে জেৰেমি হেৱাৰ্ডে ছুৰ্মাৰ হৈ একমাত্ৰ গ'লটো দিয়ে। আজি চূড়ান্ত খিতাপৰ যুঁজত হায়দৰাবাদ টুফানছৰ বিৰূদ্ধে শ্ৰাচী ৰাড় বেংগল টাইগাৰ্ছ অৱতীৰ্ণ হ’ব। কালি আন এখন ছেমি ফাইনেল খেলত তামিলনাডু ড্ৰেগনছৰ বিৰুদ্ধে পেনাল্টি শ্বুটআউটত ৬-৫ গ'লত জয়লাভ ক...