October 1, 2024 7:00 PM
25
ৰাজ্যৰ কেইবাখন জিলাত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ
আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ কেইবাখন জিলাতো বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত পবিতৰা হাটত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনৰ আয়ুক্তই মৰিগাঁও নগৰৰ একাংশ জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জ্ঞাপন কৰে । চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত তথা জিলা মহিলা আৰু শিশু বিকাশ বিভাগ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত জিলা পৰ্যায়ত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন কৰা হয়। জিলা আয়ুক্তৰ কার্যালয়ত আয়োজিত এই অনুষ্ঠানত ...