May 11, 2025 11:46 AM

views 11

পাকিস্তান সীমান্তৱৰ্তী ৰাজ্যসমূহৰ মুখ্য সচিবসকলৰ সৈতে কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনৰ আলোচনা

কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে কালি ভিডিঅ' কনফাৰেন্সিঙ মাধ্যমেৰে পাকিস্তানৰ সৈতে সীমান্ত ভাগ বাটোৱাৰা কৰা ৰাজ্যসমূহৰ মুখ্য সচিবসকলৰ সৈতে আলোচনাত মিলিত হয়। সূত্রসমূহে জনোৱা মতে, সীমান্তৰ সিপাৰৰ পৰা গুলীচালনা হ'লে তেওঁলোকক সজাগ হৈ থাকিবলৈ আৰু নিজৰ অঞ্চলত অসামৰিক প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিবলৈ আহ্বান জনোৱা হৈছে। ভাৰত-পাকিস্তানে সংঘর্ষ বিৰতি ঘোষণা কৰাৰ কেইঘণ্টামান পিছতে এই কথা প্ৰকাশ পাইছিল।

August 23, 2024 6:28 PM

views 16

কেন্দ্রীয় গৃহ সচিব হিচাপে জ্যেষ্ঠ আই এ এছ বিষয়া শ্রী গোবিন্দ মোহনৰ দায়িত্বভাৰ গ্ৰহণ

জ্যেষ্ঠ আই এ এছ বিষয়া শ্রী গোবিন্দ মোহনে আজি নতুন কেন্দ্রীয় গৃহ সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰে। শ্ৰী অজয় কুমাৰ ভল্লাৰ কালি কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত তেওঁ এই কাৰ্যভাৰ গ্ৰহণ কৰে। উল্লেখ যোগ্য যে ১৯৮৯ বৰ্ষৰ আই. এ. এছ. বিষয়া শ্রী মোহন ইয়াৰ পূৰ্বে সংস্কৃতি মন্ত্ৰালয়ৰ সচিবৰ দায়িত্বত আছিল।