June 27, 2024 11:48 AM

views 26

জ্যেষ্ঠ বিজেপি সাংসদ ওম বিৰলা পুনৰ লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত

জ্যেষ্ঠ বিজেপি সাংসদ ওম বিৰলা পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। পদটোৰ বাবে সাংসদ কে সুৰেশক প্ৰক্ষেপ কৰা কংগ্ৰেছ দলে সদনত ভোটগ্ৰহণৰ দাবী উত্থাপন নকৰাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ লোকসভাৰ অধ্যক্ষগৰাকী মৌখিক ভোটত একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। ইয়াৰ পাছতেই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিৰোধী দলপতি ৰাহুল গান্ধী আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে তেওঁক অধ্যক্ষৰ আসনলৈ আগবঢ়াই নিয়ে। ইয়াৰ পূৰ্বে কালি পুৱা সদন মিলিত হোৱা সময়তে প্রধানমন্ত্রী মোদী আৰু এন ডি এৰ আন ১২ গৰাকী নে...