August 4, 2024 10:59 AM

views 31

অসমত টাটাৰ অর্ধপৰিবাহী গোটৰ নিৰ্মাণ কাৰ্যৰ জৰিয়তে দৈনিক ৪ কোটি ৮৩ লাখ অর্ধপৰিবাহী চিপ উৎপাদনৰ লক্ষ্যঃ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে, অসমৰ মৰিগাঁৱত টাটাৰ অর্ধপৰিবাহী গোটৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। নতুন দিল্লীত কালি এই প্ৰকল্পৰ সৱিশেষ প্ৰকাশ কৰি শ্ৰীবৈষ্ণৱে কয় যে, ২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে এই প্ৰকল্পটো স্থাপন কৰা হ'ব আৰু ইয়াৰ জৰিয়তে ১৫ হাজাৰ প্ৰত্যক্ষ তথা ১১ৰ পৰা ১৩ হাজাৰ পৰোক্ষ কৰ্ম সংস্থাপনৰ সৃষ্টি হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, এই প্রকল্পটোত দৈনিক ৪ কোটি ৮৩ লাখ অর্ধপৰিবাহী চিপ উৎপাদন কৰিব পৰা যাব। তেওঁ কয় যে, এই প্রকল্পত উৎপাদন হ'বলগী...

July 31, 2024 7:36 PM

views 24

টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজনৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী বিমল বৰা আৰু পীযূষ হাজৰিকাই

মৰিগাঁও জিলাত ৩ আগষ্টত হ'বলগীয়া টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন কাৰ্যৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আজি মন্ত্ৰী বিমল বৰা আৰু পীযূষ হাজৰিকা জাগীৰোডত উপস্থিত হয়। মন্ত্ৰী দুগৰাকীয়ে সংশ্লিষ্ট বিষয়া তথা দলীয় কর্মীসকলৰ সৈতে মত বিনিময় কৰি এই কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে আহ্বান জনায়। ২০২৬ চনৰ ভিতৰত টাটাই এই প্ৰকল্পৰ কাম আৰম্ভ কৰিব। প্ৰযুক্তিৰ ক্ষেত্ৰত অসমত মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'বলগীয়া এই প্ৰকল্পত প্ৰায় ২৭ হাজাৰ কোটি টকা ব্যয় হ'ব বুলি অনুমান কৰা হৈছে। ৩ আগষ্টত মুখ্যমন্ত্ৰীয়ে এই ...