August 4, 2024 10:59 AM August 4, 2024 10:59 AM
13
অসমত টাটাৰ অর্ধপৰিবাহী গোটৰ নিৰ্মাণ কাৰ্যৰ জৰিয়তে দৈনিক ৪ কোটি ৮৩ লাখ অর্ধপৰিবাহী চিপ উৎপাদনৰ লক্ষ্যঃ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ
কেন্দ্ৰীয় ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে, অসমৰ মৰিগাঁৱত টাটাৰ অর্ধপৰিবাহী গোটৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। নতুন দিল্লীত কালি এই প্ৰকল্পৰ সৱিশেষ প্ৰকাশ কৰি শ্ৰীবৈষ্ণৱে কয় যে, ২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে এই প্ৰকল্পটো স্থাপন কৰা হ'ব আৰু ইয়াৰ জৰিয়তে ১৫ হাজাৰ প্ৰত্যক্ষ তথা ১১ৰ পৰা ১৩ হাজাৰ পৰোক্ষ কৰ্ম সংস্থাপনৰ সৃষ্টি হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, এই প্রকল্পটোত দৈনিক ৪ কোটি ৮৩ লাখ অর্ধপৰিবাহী চিপ উৎপাদন কৰিব পৰা যাব। তেওঁ কয় যে, এই প্রকল্পত উৎপাদন হ'বলগী...