April 2, 2024 8:22 PM April 2, 2024 8:22 PM

views 8

সেনা প্রত্যাহাৰ কৰা আৰু উত্তেজনা হ্ৰাস কৰাই উত্তৰ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ একমাত্ৰ উপায়ঃ ৰাজনাথ সিঙ

♦ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে সেনা প্রত্যাহাৰ কৰা আৰু উত্তেজনা হ্ৰাস কৰাই উত্তৰ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ একমাত্ৰ উপায়। তেওঁ কয় যে, দেশৰ সেনা বাহিনী সীমান্তত দৃঢ়তাৰে থিয় দি আছে। তেওঁ লগতে শান্তিপূর্ণ সমাধানৰ বাবে অব্যাহত থকা আলোচনা অব্যাহত থাকিব বুলি আস্থা প্ৰকাশ কৰিছে। নতুন দিল্লীৰ সেনা কমাণ্ডাৰসকলে সন্মিলনত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। পশ্চিম সীমান্তত সেনা আৰু সুৰক্ষা বাহিনীৰ প্ৰয়াসৰ শলাগ লৈ শ্ৰীসিঙে সীমান্তৰ সুৰক্ষা, সন্ত্ৰাসবাদ বিৰো...

April 2, 2024 7:21 PM April 2, 2024 7:21 PM

views 2

চট্টিশগড়ত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত ৯জন মাওবাদী নিহত

♦ চট্টিশগড়ত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত ৯জন মাওবাদী নিহত হয়। চি আৰ পি এফ, কোব্ৰা বেটেলিয়ন, জিলা সংৰক্ষিত বাহিনী আৰু বিশেষ কাৰ্য্য বাহিনীৰ এটা যৌথ দলে বাস্তাৰ সংমণ্ডলৰ বিজাপুৰ জিলাৰ গংগালুৰ এলেকাত চলোৱা তালাচী অভিযানৰ সময়ত কেন্দ্ৰ-কোৰচ'লি বনাঞ্চলত সূত্রপাত হোৱা গুলিয়াগুলিত এই মাওবাদীকেইজন নিহত হয়। গুলিয়াগুলিৰ পাছত সুৰক্ষা কৰ্মীয়ে মাওবাদীৰ ৯টা শৱদেহ উদ্ধাৰ কৰে। সংঘৰ্ষ স্থলীৰ পৰা এটা এল এম জি, এটা বেৰেল গ্রেনেড লঞ্চাৰসহ ভালেমান অস্ত্র-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ হয়।