June 19, 2025 3:28 PM

views 29

ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘাত শীঘ্ৰেই অৱসান ঘটোৱাৰ লগতে শান্তি স্থাপনত পোষকতা ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিয় গুটেৰেছৰ

ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিয় গুটেৰেছে ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘাত শীঘ্ৰেই অৱসান ঘটোৱাৰ লগতে শান্তি স্থাপনৰ পোষকতা কৰিছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত চলি থকা সাম্প্রতিক সংঘাতত উদ্বেগ প্রকাশ কৰি সচিব প্ৰধানগৰাকীয়ে এই সংঘাতক আৰু অধিক আন্তঃৰাষ্ট্ৰীয়কৰণ নকৰিবলৈ আহ্বান জনায়। তেওঁ কয়, যে সামৰিক বাহিনীৰ অতিৰিক্ত কার্যকলাপে সমগ্ৰ অঞ্চলটোৰ বাবে ভয়াৱহ ফলাফলৰ সূচনা কৰিব আৰু ইয়াৰ ফলত শান্তি আৰু নিৰাপত্তাৰ প্ৰতি বিস্তৰ ভাবুকিৰ সৃষ্টি হ'ব। তেওঁ এই সংঘাতৰ ফলত সাধাৰণ লোকৰ মৃত্যু হোৱা ঘটনাক গৰিহণা দিয়াৰ লগতে...