March 26, 2025 8:03 PM
19
প্ৰশ্নকাকত ফাদিল তথা পৰীক্ষা বাতিলৰ পাছত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কঠোৰ ব্যৱস্থা
উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল তথা পৰীক্ষা বাতিলৰ পাছত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কেইবাটামান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়াৰে পৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু অপ্ৰাদেশিকীকৃত বিদ্যালয়ত পৰীক্ষা পাতিবলৈ দিয়া নহ'ব। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা কেৱল চৰকাৰী বিদ্যালয়তহে পতা হ'ব। পৰীক্ষা কেন্দ্ৰ থকা বিদ্যালয়ললৈ প্ৰশ্নকাকত পঠিওৱা হ'ব। ব'ৰ্ডৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ নিয়া হ'ব আৰু পৰীক্ষাৰ দিনা থানাৰ পৰা পৰীক্ষা কেন্দ্...