July 14, 2025 3:23 PM

views 30

CHANDRAYAAN-3ৰ আজি দুবছৰ সম্পূৰ্ণ

■ ভাৰতৰ বিজ্ঞান আৰু দৃঢ় সংকল্পৰ এটা ঐতিহাসিক সফলতা CHANDRAYAAN-3 য়ে আজি দুবছৰ সম্পূৰ্ণ কৰিলে। এই অভিযানৰ মূল উদ্দেশ্য আছিল চন্দ্ৰৰ দক্ষিণ মেৰুৰ সমীপৰ ওখ স্থানত এখন লেণ্ডাৰ আৰু ৰ’ভাৰ স্থাপন কৰা তথা লেণ্ডিং আৰু ৰ’ভিঙৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো প্ৰদৰ্শন কৰা। ২০২৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় মহাকাশ গৱেষণা প্রতিষ্ঠানে বিকশাই তোলা LVM3 M4 ৰকেটে CHANDRAYAAN-3ক ইয়াৰ কক্ষপথত সফলভাৱে স্থাপন কৰিছিল।

January 15, 2025 10:31 AM

views 26

ৰিচার্জেবল বেটাৰী প্ৰযুক্তিৰ উদ্ভাৱন ত্বৰান্বিত কৰাৰ বাবে ঔদ্যোগিক বৈঠক অনুষ্ঠিত

বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্ৰ্যালয়ে কালি ৰিচার্জেবল বেটাৰী প্ৰযুক্তিৰ উদ্ভাৱন ত্বৰান্বিত কৰাৰ বাবে এখন ঔদ্যোগিক বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ভাষণ দি বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ সচিব এছ কৃষ্ণনে কয়, যে এই বৈঠক উদ্যোগমুখী গৱেষণা আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বিকশিত প্ৰযুক্তিৰ বাবে উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে। বৈঠকত লিথিয়াম-আয়ন, ছডিয়াম-আয়ন, আৰু লিথিয়াম- পলিমাৰৰ থলুৱা উৎপাদন প্ৰযুক্তিৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ওপৰতো আলোকপাত কৰা হয়। গৱেষণা আৰু উন্নয়নৰ পদক্ষেপত...

April 4, 2024 6:44 PM

views 51

ওড়িশাত অগ্নি প্রাইম ক্ষেপনাস্ত্রৰ উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন

♦ অগ্নি প্রাইম ক্ষেপনাস্ত্রৰ উৰণ পৰীক্ষা কালি ওড়িশাত সফলতাৰে সম্পন্ন কৰা হয়। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা ডি আৰ ডিঅ' তথা স্ট্রেটেজিক ফ’চেছ কমাণ্ডে ওড়িশাৰ উপকূলৱৰ্তী এ পি জে আব্দুল কালাম দ্বীপৰ পৰা পৰীক্ষা চলায়। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সূত্ৰ অনুসৰি বেলেষ্টিক ক্ষেপনাস্ত্র অগ্নি প্রাইমে সকলো দিশতে চলোৱা পৰীক্ষা সফলতাৰে আৰু নিৰ্ভৰযোগ্যভাৱে প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডিঅ', এছ এফ চি আৰু সশস্ত্র বাহিনীসমূহক এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে,...