September 20, 2024 6:55 PM

views 15

উৎকট গৰমৰ বাবে কেইবাখনো জিলাৰ সকলো বিদ্যালয়লৈ নির্দেশনা জাৰি

ৰাজ্যত বর্ধিত তাপমাত্রা তথা উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কামৰূপ মহানগৰ জিলাৰ সকলো ব্যক্তিগত, চৰকাৰী তথা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিদ্যালয়লৈ বিশেষ নির্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি বিদ্যালয়ৰ শ্ৰেণীসমূহ পুৱা চাৰে সাত বজাৰ পৰা আৰম্ভ কৰিবলৈ অনুমতি দিয়া হোৱাৰ লগতে দিনৰ চাৰে ১২ বজাত বিদ্যালয় ছুটী দিবলৈ কোৱা হৈছে। তদুপৰি সকলো শিক্ষানুষ্ঠানকে ৰাতিপুৱাৰ প্ৰাৰ্থনাসভা শ্ৰেণীকোঠাৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বিদ্যালয়ৰ প্ৰাংগনত উপযুক্ত খোৱাপানীৰ ব্যৱস্থা কৰাৰ লগতে অন্যান্য সা-...

May 26, 2024 8:52 PM

views 17

গ্ৰীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনি

ৰাজ্যত অব্যাহত থকা গ্ৰীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনিৰ নিৰ্দেশ জাৰি কৰা হৈছে। যোৰহাট জিলাত উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শকে বিদ্যালয় পাঠদানৰ সময়-সূচী সন্দৰ্ভত কিছু নির্দেশনা জাৰি কৰিছে। এই অনুসৰি সকলো চৰকাৰী, প্ৰাদেশিকীকৃত আৰু ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক গৰমৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যেৰে বিদ্যালয়ৰ স্বাভাৱিক সময়সূচী আগুৱাই আনি নতুন সূচী নিৰ্দ্ধাৰণ কৰা হৈছে। নিৰ্দেশনা অনুসৰি নিম্ন প্রাথমিক বিদ্যালয়...

May 23, 2024 1:11 PM

views 22

গ্রীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ পাঠদানৰ সময় কিছু সাল-সলনি জিলা প্ৰশাসনৰ

ৰাজ্যখনত বিগত কিছুদিন ধৰি অব্যাহত থকা গ্রীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলা প্রশাসনে ছাত্র- ছাত্ৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে বিদ্যালয়ৰ পাঠদানৰ সময় কিছু সাল-সলনি কৰাৰ বাবে কৰ্তৃপক্ষসমূহলৈ নিৰ্দেশ জাৰি কৰিছে। গোলাঘাট জিলা প্রশাসনে অহা শনিবাৰৰ পৰা জিলাখনৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে শ্ৰেণীসমূহৰ পাঠদান পুৱা ৮ বজাৰ পৰা আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি বিদ্যালয়সমূহৰ প্ৰাৰ্থনাসভা পুৱা ৮ বজাত অনুষ্ঠিত কৰিবলৈও নিৰ্দেশ দিয...