June 11, 2025 11:56 AM June 11, 2025 11:56 AM
7
ৰাজ্যত উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ
উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত আজিৰেপৰা ৰাজ্যৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় সাল-সলনি কৰা হৈছে। এই অনুসৰি বিদ্যালয়সমূহৰ পাঠদান পুৱা চাৰে ৭ বজাৰ পৰা আৰম্ভ হৈছে। বিদ্যালয়সমূহৰ পৰিদর্শকে কালি এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশ অনুসৰি প্ৰাতঃসভা শ্ৰেণীকোঠাৰ ভিতৰত অথবা ছাঁ পৰা স্থানত অনুষ্ঠিত কৰা হৈছে। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত থকা সময়ছোৱাত পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো নিশ্চিত কৰাৰ বাবে বিদ্যালয়ৰ প্ৰাংগণত খোৱাপানীৰ সুবিধা নিশ্চিত কৰিবলৈ নিৰ্দেশটোত উল্লেখ কৰা হৈছে। বিদ্যালয়সমূহৰ শ্ৰেণীকোঠাত যাতে ভালদৰে ...