June 4, 2025 2:01 PM

views 19

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক পেড় মা কে নাম কাৰ্যসূচীৰ অধীনত কাইলৈ বিদ্যালয়সমূহত গছপুলি ৰোপণৰ আহ্বান

সমগ্র শিক্ষা অসমে কাইলৈ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এক পেড় মা কে নাম কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ অধীনত বিদ্যালয়সমূহত গছপুলি ৰোপণৰ বাবে আহ্বান জনাইছে। এই অনুসৰি প্ৰতিখন বিদ্যালয়ে কমেও পাঁচটাকৈ গছপুলি ৰোপণ কৰিব লাগিব। অহা ৩০ ছেপ্তেম্বৰলৈকে চলিবলগীয়া এই কাৰ্যসূচীৰ অধীনত প্ৰতিখন বিদ্যালয়ে কমেও ৭০টাকৈ গছপুলি ৰোপণ কৰিব লাগিব। গছপুলিসমূহ বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু তেওঁলোকৰ মাতৃসকলে একেলগে ৰোপণ কৰিব লাগিব আৰু গছপুলি ৰোপণৰ এখনকৈ ছেল্ফি ECOCLUBS.EDUCATION.GOV.INত আপলোড কৰিব লাগিব। উল্লেখযোগ্য য...