September 23, 2024 8:07 PM

views 11

উৎকট গৰমৰ বাবে কামৰূপ মহানগৰ জিলাৰ সকলো বিদ্যালয় কাইলৈৰ পৰা ২৭ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা

বিগত কেইবাদিনো ধৰি অব্যাহত থকা উৎকট গৰমৰ বাবে কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী আৰু বে-চৰকাৰী বিদ্যালয় কাইলৈৰ পৰা ২৭ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা কৰা হৈছে। প্ৰচণ্ড গৰমৰ বাবে মহানগৰীৰ কেইবাখনো বিদ্যালয়ৰ মুৰব্বীয়ে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বিষয়ে অৱগত কৰাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ আয়ুক্তৰ অনুমোদন সাপেক্ষে সমগ্র শিক্ষাই এই নিৰ্দেশ জাৰি কৰিছে।