June 12, 2024 6:02 PM

views 22

বৰপেটাত বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ কাম-কাজৰ ক্ষেত্রভিত্তিক পর্যালোচনা

কেন্দ্ৰীয় চৰকাৰৰ কৃষি মন্ত্ৰ্যালয়ৰ উপ-সচিব মণিসুন্দৰ বেনাৰ্জীয়ে আজি বৰপেটা জিলাৰ জনীয়াত পঞ্চায়ত পৰ্যায়ত ৰূপায়ণ হোৱা বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ কাম-কাজৰ ক্ষেত্রভিত্তিক পর্যালোচনা কৰে। সচিবগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ লগতে আনুসংগিক বিভিন্ন বিষয় সন্দৰ্ভত চালি-জাৰি চায়। তেওঁ লগতে জলজীৱন মিছনৰ ৰূপায়ণ, আয়ুস্মান কাৰ্ডৰ সুবিধা জনসাধাৰণে লাভ কৰিছেনে নাই, ইত্যাদি বিষয়েও পর্যালোচনা কৰে। এই পর্যবেক্ষণ কালত বৰপেটাৰ অতিৰিক্ত জিলা আয়ুক্ত গীতাশ্রী লাচিতকে ধৰি বিভিন্ন বিভাগৰ বিষয়া, প্রতিনিধিয...