February 14, 2025 12:51 PM February 14, 2025 12:51 PM

views 19

ৰাজ্যত ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ পৰা নম্বৰবিহীন শিক্ষা ব্যৱস্থা

 ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদে বিদ্যালয় শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তনৰ সূচনাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ আধাৰত ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে ৰাজ্যত নম্বৰবিহীন শিক্ষা ব্যৱস্থা আৰম্ভ কৰিবলৈ সাজু হৈছে। ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদৰ সঞ্চালক ড° নিৰদা দেৱীয়ে এই কথা প্ৰকাশ কৰি কয় যে এই ব্যৱস্থাত শিক্ষার্থীসকলে প্রাথমিক, অগ্রগতি, দক্ষ আৰু উন্নত এই চাৰিটা স্তৰত গ্ৰেড দিয়া হ'ব। এই ব্যৱস্থা প্ৰথম পৰ্যায়ত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত আৰম্ভ হ'ব আৰু পৰৱৰ্ত্তী পৰ্যায়ত অষ্টম শ্ৰেণীলৈ নম্বৰবিহীন শিক্ষা ব্যৱস্...