September 17, 2025 7:02 PM

views 33

নূপুৰ বৰাৰ পৰা পুনৰ ২৩ লাখ ৭৫ হাজাৰ টকা উদ্ধাৰ

বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ তদানীন্তন চক্র বিষয়া তথা বর্তমান কামৰূপ জিলাৰ গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰাৰ পৰা পুনৰ ২৩ লাখ ৭৫ হাজাৰ টকা উদ্ধাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ এটা দলে নূপুৰ বৰাক লগত লৈ বৰপেটা ৰোডৰ শিমলাগুৰিত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ এটা ল’কাৰৰ পৰা এই বৃহৎ ধনৰাশি উদ্ধাৰ কৰে। উদ্ধাৰ কৰা নগদ ধনখিনি এটা ট্রাংকত ভৰাই অভিযানকাৰী দলটোৱে গুৱাহাটীলৈ লৈ আহে। ল’কাৰ দুটাৰ পৰা ধনৰ বাদে আন কোনো সামগ্ৰী উদ্ধাৰ হোৱা নাই বুলি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ আৰক্ষী অধীক্ষক ৰজী কলিত...

April 4, 2024 8:55 PM

views 35

APSC: ২০১৩ বৰ্ষৰ পৰীক্ষাত সংঘটিত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে শীঘ্ৰেই প্রতিবেদন দাখিল কৰিব

অসম লোকসেৱা আয়োগৰ ২০১৩ বৰ্ষৰ পৰীক্ষাত সংঘটিত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে শীঘ্ৰেই প্রতিবেদন দাখিল কৰিব। এখন বাজহুৱা স্বার্থ জড়িত আবেদনৰ শুনানি কালত চৰকাৰী অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত এই কথা অৱগত কৰে। অধিবক্তাই লগতে আদালতক জনাই যে, চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী গোটে ইতিমধ্যে তদন্ত সম্পূৰ্ণ কৰিছে। সেয়েহে তদন্তৰ প্ৰতিবেদনখন দাখিল কৰাৰ বাবে চৰকাৰী অধিবক্তাই আদালতৰ পৰা সময় বিচাৰে। ফলত ন্যায়ালয়ে ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ২২ এপ্রিল ধাৰ্য কৰিছে।