April 17, 2025 7:56 PM

views 23

ৱকফ সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তী আদেশ জাৰি

উচ্চতম ন্যায়ালয়ে ৱকফ সংশোধনী আইন সন্দৰ্ভত আজি অন্তৱৰ্তীকালীন আদেশ যোগে ৱকফ বোর্ডৰ কেন্দ্ৰীয় পৰিষদত কোনো নিযুক্তি দিয়াটো বাৰণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰ, ৱকফ বোর্ড আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক সাত দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনক লৈ গঠিত এখন বিচাৰপীঠে গোচৰটোৰ শুনানি লৈ ন্যায়ালয়ে চৰকাৰে উত্তৰ দিয়াৰ ৫ দিনৰ ভিতৰত আবেদনকাৰীয়েও উত্তৰ দিব লাগিব বুলি জাননীত উল্লেখ কৰে। এই গোচৰৰ পৰৱৰ্তী শুনানি ৫ মেত অনুষ...