July 29, 2024 1:20 PM

views 16

আজিৰে পৰা উচ্চতম ন্যায়ালয়ৰ বিশেষ লোক আদালত সপ্তাহ

উচ্চতম ন্যায়ালয়ে ইয়াৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন কৰিছে। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত ন্যায়াধীশ কে ভি বিশ্বনাথনে কয় যে, উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা গোচৰসমূহ মীমাংসা কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ আৱেদনকাৰীসকলক লোক আদালতৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উচ্চতম ন্যায়ালয়ৰ এই ব্যৱস্থাক তেওঁ বিবাদসমূহ স্বেচ্ছামূলক আৰু সমিলমিলেৰে সমাধান কৰাৰ এখন মঞ্চ বুলি অভিহিত কৰে। ন্যায়াধীশ বিশ্বনাথনে লোক আদালতসমূহক ন্যায় লাভৰ বা...

July 24, 2024 6:50 PM

views 20

উচ্চতম ন্যায়ালয়ত বিচাৰাধীন গোচৰ নিষ্পত্তিৰ বাবে ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালতৰ আয়োজন

উচ্চতম ন্যায়ালয়ে বিচাৰাধীন গোচৰসমূহ নিষ্পত্তিৰ বাবে অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালতৰ আয়োজন কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠাৰ ৭৫ সংখ্যক বৰ্ষ পূৰ্ণ হোৱা উপলক্ষে এই পদক্ষেপ লোৱা হৈছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নাগৰিকসকলক সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন নিজৰ গোচৰসমূহ নিষ্পত্তিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।