September 18, 2024 12:07 PM

views 16

দেশৰ কোনো ঠাইতে আগতীয়া অনুমতি অবিহনে উচ্ছেদ চলাব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ৰ অন্তৰ্ৱৰ্তী আদেশ জাৰি

উচ্চতম ন্যায়ালয়ে দেশৰ কোনো ঠাইতে আগতীয়া অনুমতি অবিহনে উচ্ছেদ কার্য চলাব পৰা নাযাব বুলি এটা অন্তৰ্ৱৰ্তী আদেশ জাৰি কৰিছে। বিভিন্ন ৰাজ্যত এনেধৰণৰ উচ্ছেদ কাৰ্য সন্দৰ্ভত দাখিল হোৱা আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে এই আদেশ জাৰি কৰে। অৱশ্যে ৰাজহুৱা পথ, পদপথ, ৰে'লপথ আৰু জলাশয়কে ধৰি অন্য ৰাজহুৱা স্থানত অবৈধ দখলৰ ক্ষেত্ৰত এই আদেশ প্রযোজ্য নহ'ব বুলি ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। ন্যায়াধীশ ডি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ আদালতে এই ৰায় দিয়ে।