July 8, 2024 12:32 PM

views 13

উচ্চতম ন্যায়ালয়ত আজি নীট ইউজি সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি

উচ্চতম ন্যায়ালয়ে আজি নীট ইউজি সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিব। এইসমূহৰ ভিতৰত নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে জনোৱা আবেদনো অন্তৰ্ভুক্ত হৈ আছে। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় তথা ন্যায়াধীশ জে. বি. পাড়িৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰ পীঠে এই সন্দৰ্ভত ২৬ খন আবেদনৰ শুনানি গ্রহণ কৰিব। উল্লেখযোগ্য যে, শিক্ষার্থীসকলে দাখিল কৰা এই আবেদনত নীট পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগৰ প্ৰসংগৰে পৃথক তথা সুকীয়া অনুসন্ধানৰ বাবে দাবী জনোৱা হৈছে। ক...