April 26, 2024 6:58 PM
25
ভিভি পেট শ্লিপৰ সৈতে ইভিএমৰ জৰিয়তে হোৱা ভোটদানৰ ১০০ শতাংশ সত্যাসত্য নিৰূপণৰ বাবে দাখিল কৰা কেইবাখনো আবেদন অগ্রাহ্য উচ্চতম ন্যায়ালয়ৰ
উচ্চতম ন্যায়ালয়ে ভিভি পেট শ্লিপৰ সৈতে ই ভি এমৰ জৰিয়তে হোৱা ভোটদানৰ ১০০ শতাংশ ভোটৰ সত্যাসত্য নিৰূপণৰ বাবে অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন আজি অগ্রাহ্য কৰে। উল্লেখযোগ্য যে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তাক লৈ গঠিত এখন বিচাৰপীঠে যোৱা ১৮ এপ্ৰিলত দুদিনজোৰা ব্যাপক শুনানিৰ অন্তত গণতান্ত্রিক সংস্কাৰ সংস্থাকে ধৰি বিভিন্ন পক্ষই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত ৰায় সুৰক্ষিত ৰাখিছিল। ১৮ এপ্ৰিলত বিষয়টোৰ শুনানি সম্পন্ন হোৱাৰ পাছত ২৪ এপ্ৰিললৈ ৰায়দান সুৰক্ষিত ৰখা হৈছিল। যোৱা ২৪ ...