July 24, 2024 10:05 AM

views 17

নীট ইউ-জি বাতিল তথা নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ-জি বাতিল কৰিবলৈ আৰু নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ ফলত সমগ্ৰ দেশৰ চৰকাৰী আৰু ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়সমূহত স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আজিৰে পৰা পৰামৰ্শ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ প্ৰশস্ত হৈছে। বিষয়টোৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন এখন তিনিজনীয়া বিচাৰপীঠে কালি কয় যে ৫ মে'ত অনুষ্ঠিত পৰীক্ষাৰ স্বচ্ছতা প্ৰভাৱি...