September 30, 2024 12:18 PM

views 23

কলকাতাৰ কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ নিজাববীয়া গোচৰৰ আজি শুনানি গ্রহণ কৰিব উচ্চতম ন্যায়ালয়ে

উচ্চতম ন্যায়ালয়ে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ নিজাববীয়া গোচৰৰ আজি শুনানি গ্রহণ কৰিব। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে আজি গোচৰটোৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্ৰৰে গঠিত বিচাৰপীঠে বিগত সপ্তাহত পশ্চিমবংগ চৰকাৰৰ অনুৰোধৰ্মৰ্মে গোচৰটোৰ শুনানি ২৭ ছেপ্তেম্বৰত স্থগিত ৰাখিছিল। ইয়াৰ পূর্বে উচ্চতম ন্যায়ালয়ে মহিলা চিকিৎসকসকলক নিশাৰ...