July 15, 2024 12:40 PM

views 21

বেংক একাউণ্টৰ ধন জালিয়াতিৰ গোচৰত ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক

অসম আৰক্ষীৰ এজন অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শকৰ বেংক একাউণ্টৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ গোচৰত কালি দিছপুৰ আৰক্ষীয়ে ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক কৰে। একেটা গোচৰতে আৰক্ষীয়ে ত্ৰিদীপ কলিতা নামৰ আন এজন লোককো আটক কৰে। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত উপ-মহাপৰিদৰ্শক ভৱন্ধৰ দত্তৰ বৰবাৰী শাখাত থকা বেংক একাউণ্টৰ পৰা ২৬ লাখ টকা গোপনে বিভিন্ন তাৰিখত অন্যান্য বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হৈছে। এই সম্পর্কে অৱগত হৈ শ্ৰী দত্তই দিয়া এজাহাৰৰ ভিত্তিত দিছপুৰ থানাত এটা গোচ...

June 13, 2024 6:17 PM

views 19

চিৰাং জিলাৰ কাজল গাঁৱত ভাৰতীয় ষ্টেট বেংকৰ অধীনত গ্রামীণ স্বনিয়োজন প্রশিক্ষণ প্রতিষ্ঠানৰ উদ্যোগত প্ৰশিক্ষণ শিবিৰ

চিৰাং জিলাৰ কাজল গাঁৱৰ ভাৰতীয় ষ্টেট বেংকৰ অধীনত গ্রামীণ স্বনিয়োজন প্রশিক্ষণ প্রতিষ্ঠানৰ উদ্যোগত চলি থকা চিলাই প্ৰশিক্ষণ শিবিৰত আজি চিৰাং জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰবন্ধক বিক্ৰম কলিতা উপস্থিত হয়। যোৱা ৬ জুনৰ পৰা আৰম্ভ হোৱা এমহীয়া চিলাই প্ৰশিক্ষণ পৰিদৰ্শন কৰি প্ৰবন্ধক কলিতাই প্রশিক্ষার্থীসকলে কিদৰে সুবিধা লাভ কৰিব আৰু ভৱিষ্যতে কিদৰে ব্যৱসায় ভিত্তিত কাম আৰম্ভ কৰিব সেই বিষয়ে আলোচনা কৰে। এই প্ৰশিক্ষণত চিৰাঙৰ ৩৫ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছে।